Hospital Emergency

03662291285

Prof. (Dr.) Anku Moni Saikia, MD

Principal cum Chief Superintendent (i/c)

Email: dhubrimch@gmail.com

Prof. (Dr.) Gunajit Das, MD

Superintendent (i/c)

Email: dhubrimch@gmail.com

ধুবুৰী চিকিৎসা মহাবিদ্যালয় সঙ্গীত

কথা: কমল কটকী
সম্পাদনা: অধ্যাপক(ডা:) ধৰ্মকান্ত কুম্ভকাৰ
সুৰ: পৰাণ বৰকটকী (জ’জ’)
পৰিকল্পনা: সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা



(১)
লুইতৰ পাৰৰে জিলিকনি
নেতাই ধুবুনীৰ অময়াপুৰী ৷
ৰুগ্নজনৰ সেৱাত আমি
মানৱতাৰ পূজাৰি ৷
প্ৰতিজ্ঞাৱদ্ধ আমি
অনিৰুদ্ধ এই গতি ৷
সপোনৰ আলয়
ধুবুৰী চিকিৎসা মহাবিদ্যালয় ৷


(২)
আৰ্তজনৰ প্ৰতি
মেলি দিওঁ হাত দুখনি ৷
মুমূৰ্ষুজনেও হাঁহে মিচিকি
এয়াই আমাৰ নীতি ৷
বিশ্বৰ প্ৰযুক্তি
লওঁ আকোৱালি ৷
সবাৰে আশ্ৰয়
ধুবুৰী চিকিৎসা মহাবিদ্যালয় ৷


(৩)
প্ৰগতিৰ ৰথত পৃথিৱী
আমিও সহযাত্ৰী ৷
চিকিৎসা বিজ্ঞানে মানৱ সমাজত
বিলাইছে সঞ্জীৱনী ৷
মানৱতাৰ জয়গীতি
গাও মিলিজুলি ৷
প্ৰগতিৰ নিলয়
ধুবুৰী চিকিৎসা মহাবিদ্যালয় ৷


(ধুবুৰী চিকিৎসা মহাবিদ্যালয় একাডেমিক কাউন্সিলৰ দ্বাৰা অনুমোদিত)
*******